Posts

স্বপ্ন সমাধি

বিপ..... বিপ..... বিপ..... মোবাইলতো খুলি চালে অংকিতাই। স্ক্ৰীনত ভাঁহি আছে এটা এচ. এম. এচ.। "" তিনি বজাত বৰুৱা কাফে পোৱাকৈ ওলায় আহিবা।" তিনি বাজিবলৈ আৰু আধা ঘণ্টা বাকী। অংকিতাই হেন বেগটো আকৌ এবাৰ খুলি চালে। প্ৰয়োজনীয় সৰু বস্তু কেইটা ভৰোৱা হৈ গল। এতিয়া মাকক ফাঁকি দি ঘৰৰ পৰা ওলাই যোৱাৰ পাল। ঃ মা.. মা... (অংকিতাই চিঞৰে) মই ফ্ৰেণ্ড এজনৰ বাৰ্থডে পাৰ্টি এটা খাবলৈ যাওঁ। টিনাৰ লগত... আহোঁতে অলপ সন্ধিয়া হব পাৰে। ঃ আৰু কত কি নাখাও তই। মাহেকত তোৰ কিমান যে পাৰ্টি নোলায়। বৰকৈ লৰাৰ লগত পাৰ্টি পাৰ্টি কৰি হলিগলি কৰি নুফুৰিবি। --- মাকে সকিয়াই। ঃ মা.. সিহঁতবোৰ মোৰ কেৱল ফ্ৰেণ্ড হে। ঃ আজিকালি ছোৱালীবোৰে ফ্ৰেণ্ড ফ্ৰেণ্ড কৈ লৰাৰ লগত ঘূৰি ফুৰোতে; দুদিন পাছত প্ৰেগনেণ্ট হোৱাৰ খবৰ শুনো। ঃ মা... (অংকিতাই কান্দু যেন কৰি আৱেগৰে চিঞৰে।) ঃ হব যা... বেছি দেৰি নকৰিবি। দেউতা অফিচৰ পৰা আহিলে আনিবলৈ পঠাম বাৰু। তই টিনাৰ ঘৰতে থাকিবি। ঃ অকে... থেংকীউ ডিয়েৰ। ---- অংকিতাই মাকৰ গালত চুমা এটা দি ওলায় যায়। *********** বিপ..... বিপ..... বিপ..... পুনঃ মোবাইলতো খুলি চালে অংকিতাই। স্ক্ৰীনত ভাঁহি আছে ...

অপেক্ষা

Image
তুমি online আহিবা বুলি বাদ চায় ৰওঁ ।। মেচেজ্ কৰো নাপাওঁ কোনো সঁহাৰি ।। কিয় জানো ভাল লাগে তোমাৰ লগত কথা পাতি ।। জানো তুমি মোৰ লগত কথা পাতিব নিবিচাৰা, আছে কাৰণ বহুত কিবা কিবি ।। নাজানো তোমাৰ মনৰ কথা হয়তু একেবাৰে মোক দেখিব নোৱাৰা ।। বিচৰা নাছিলো তোমাৰ পৰা বহুত কিবা কিবি , বিচাৰিছিলো মাথো কথা এটাৰ সঠিক প্ৰত্যোত্তৰ ।। হব নে নহয় তাকো কব নোৱাৰিলা ।। মানে মই বেয়া ।। অলপ চলপ স্ক্ৰু ধিলা ।। ভাৱিছিলো তুমি মোক ঠিক কৰিবা নেকি ?? ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিদ্ধি ।। মোৰো একেই গতি ।। আশা কৰিছিলো মেছেজৰ ৰেপ্লাই পাম বুলি ।। নাপালোঁ এটাৰো সঁহাৰি ।। নকৰো আৰু আশা নকৰো আৰু অপেক্ষা ।। সচাঁ কথাত কিবা এটা ভাল লাগিছিল তোমাক ।। বুজি পোৱা নে নোপোৱা এতিয়া তোমাৰ কথা ।। আগে পোৱা বিষাদৰ বুজাৰ দৰে তুমিও দি গলা.?? :😔                    

মোৰ জীৱনৰ সচা ভালপোৱা

Image
যেতিয়া মই ভালপোৱাৰ বিষয়ে ইমান জনা নাছিলো আৰু জানিবলৈও ইচ্ছা কৰা নাছিলো। বহুত ভয় লাগে এইবোৰ কিয়নো কেতিয়াবা দেখা পাও লগৰ বোৰে এইবোৰক লৈ বহুত দুখ পায়! আৰু মই কিবা এটা কামৰ বাবে ২০১২ চনত এক কাল্পনিক চহৰলৈ গুচি আহিলো আৰু তাত ৰুম এটা ঠিক কৰি থাকিব ললো! মই সন্ধিয়া হলে ফুৰি বহুত ভাল পাও সেইবাবে অইন দিনাৰ দৰে সেইদিনাও গলো আৰু দোকান এখনৰ পৰা এটা কে.পি লৈ মিহলাবলৈ ধৰিলো। এনেতে মোৰ ৰুমৰ ওচৰৰ ছোৱালী এজনি দেখা পালো আৰু নাযানু তাইক দেখি মোৰ অলপ কিবা ভাল লাগিল। কিন্তু ইমান গুৰুত্ব নিদিলো তাইও মোৰ কাষেৰে পাৰ হৈ গ'ল! অলপ ফুৰি ৰুমলৈ আহি ৰাতি খাই বৈ কানত হেড ফোন ডাল লৈ you tube টো অন কৰি পাহিবাৰ লাভস্তোৰী এটা শুনি ১১ মান বজাত টোপনি গলো! আকৌ ৰাতিপুৱা ১০ মান বজাত উঠি মুখ খন ধুই একেলগে গাতো তিয়াবলৈ দেখিলো টেংকিত পানি নাই মনটো বেয়া লাগিল আৰু ৰুম এটাৰ আগত বাল্টি এটাত পানি দেখিলো পানি খিনি আনিব গৈ তাইক দেখিলো। আৰু, তাইক কলো আজি টেংকিত পানি নাই গাতো তিয়াব লাগিছিল আপুনাৰ পানিখিনি এতিয়া প্ৰয়োজন আছে নেকি বাৰু? তাই কলে অ' তেনেহলে লৈ যাওক মই পিছত টেংকিত পানি আহিলে কাপোৰ খিনি ধুই লম বাৰু ! ...

সচা ভালপোৱা- প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্টিক বাৰ্তালাপ

ছোৱালী এজনীয়ে ২০ টা মান মিচকল দিয়াৰ পিছত ল'ৰাটোৱে Call Back নকৰা দেখি , তালৈ Direct Call কৰিলে । ল'ৰা: হেল্ল' ছৱালী = তুমি ইমান কনজোছ নে ? ইমান মিচকল দিছো , তথাপিও তুমি ফোন এটা নকৰিলা !! ল'ৰা: মোবাইলত বেলেঞ্চ নাই । ছোৱালী: আৰে ! লোণ লৈওতো কল এটা কৰিব পাৰিলা হয় ! ল'ৰা: লোণ লোৱাই আছে । বেলেঞ্চ মাইনেচত হে আছে । ছোৱালী: ৰাতিপুৱাৰ পৰা কি কৰি আছিলা ? ইমান ফোন কৰাৰ পিছটো এই ভৰ দুপৰীয়া হে ৰিচিব কৰিছা যে ! ল'ৰা: শুই আছিলো । ছোৱালী: এতিয়ালৈকে শুই আছা যে ? ইমান আৰাম কৰিব লাগে নে ? ল'ৰা: আৰাম নহয় । এইটো হ'ল মনিবেগ খালি থকাৰ প্ৰতিক্ৰিয়া । ছোৱালী: মানে ?? ল'ৰা: মানে টোপনিত থাকিলে ভোক নালাগে ! ছোৱালী: তাৰ মানে তোমাৰ ওচৰত দুপৰীয়াৰ সাজটো খাবলৈও পইচা নাই । ল'ৰা: নাই ! যেনে তেনে লগৰ এটাৰ পৰা ২০ টকা মেনেজ কৰিলো আৰু । ছোৱালী: ২০ টকাত নো কি খাবলৈ পালা ? ল'ৰা: চাহ একাপ আৰু ১০ টকীয়া ব্ৰেড এটা খালো । পাঁচ টকা এটা জেপত থৈ দিছো ! ছোৱালী: এইগিটা খায়েই তোমাৰ পেট ভৰিলে নে ? ল'ৰা: অ' ! ছোৱালী: এতিয়া কি খাবা ? ল'...

সঁচা প্ৰেম কাহিনী

এবাৰ এক প্ৰেমিক প্ৰেমিকা বিয়া পাতিব বুলি ঠিক কৰিলে , বিয়াৰ কিছু মাহ আগতে লৰাটোৱে বিদেশত গুছি গল , আৰু তাৰ তিনি বছৰ পিছতেই ছোৱালী জনীৰ এক্সিডেন্ট হল ,আৰু ছোৱালীৰ জনীৰ চেহৰা একেবাৰে নষ্ট হয় গল ! আৰু তাৰপিছত ছোৱালী জনীয়ে লৰাটোক ফোন মাৰি কলে যে ,মই তোমাক বিয়া পাতিব নোৱাৰো , লৰা জনে কলে কিয়...? তেতিয়া ছোৱালী জনীয়ে কলে মোৰ এক্সিডেন্ট হৈছে, আৰু চেহৰা নষ্ট হৈ গৈছে, মই গোটেই জীৱন এনেকুৱা কুৎসিতে থাকিব যাম । তুমি তোমাৰ বাবে সুন্দৰী কোনো ছোৱালী এজনী বিছাৰি উলিওৱা , কাৰন মই তোমাৰ যোগ্যতা নহয় । ইয়াৰ পিছত সি তেওঁৰ প্ৰেমিকৰ পৰা উত্তৰ পালে :👇 যিয়ে নহক মোৰ নিজৰো এটা সমস্যা হৈছে, সেইগতিকে মই দেশত উভতি আহি আছো । তেতিয়া ছোৱালী জনীয়ে কলে, তোমাৰ কি সমস্যা হৈছে ...? তাৰপিছত লৰা জনে কলে মোৰ চকুৰ সমস্যা হৈছে, মই অন্ধ হৈ থাকিম ,ইয়াৰ পিছতো যদি তুমি মোক গ্ৰহণ কৰিব পাৰা তেনেহলে মই তোমাকেই বিয়া পাতিম ...! এনেকুৱা কৈ তেওঁলোকে বিয়া পাতি, আৰু ভালপোৱা, বুজাবুজি, আনন্দত 20 বছৰ পাৰ কৰি দিলে ... ছোৱালী জনীয়ে অন্ধ স্বামীৰ চকুৰ আলো/পোহৰ আৰু পথপ্ৰদৰ্শক হৈ থাকে ...! ইয়াৰ পিছত এদিন ছোৱালী জনীয়ে...

এটা__সৰু__প্ৰেম__কাহিনী

Image
মানসিক চিকিৎসালয় খনত নতুনকৈ জইন কৰা ডাক্তৰ মৃন্ময় দুৱৰাই চিকিৎসালয়খন এবাৰ চকু ফুৰাও বুলি ঘুৰি ১২নং কোঠাৰ এচুকত চুপ-চাপ বহি থকা ছোৱালীজনীক দেখি চক্ খাই উঠিল। লাৱনী শৰীৰ, অযত্নই দুচকুৰ তল ক'লা কৰিলেও সৌন্দর্য ম্লান কৰিব কৰিব নোৱাৰা হৰিণী চকুহাল, কোনোবা নাৰ্চে তেল সানি দিয়া ককাললৈ পৰা চুলিটাৰিৰ অধিকাৰিণীজনীক দেখা লগে লগে মৃন্ময়ৰ ভৰি আগনবঢ়া হ'ল। নেজানে তেওঁ কিমান সময় তাইক চাই আছিল। তেওঁৰ লগত যোৱা অৰ্থাৎ তেওঁক চাৰিওকাষ চিনাকী কৰাই দিবলৈ লগত যোৱা অভিজ্ঞ নাৰ্চ গৰাকীৰ মাততহে তেওঁ সম্বিৎ ঘুৰাই পালে। ছোৱালীজনীৰ বিষয়ে নাৰ্চ গৰাকীকে সুধাটো উচিৎ হ'ব বুলি ভাবি মৃন্ময়ে তেখেতক নিজৰ কেবিনলৈ মাতিলে। : ছাৰ কওঁকচোন। আপোনাৰ পৰিৱেশটো কেনেকুৱা লাগিল? আৰু কিবা লাগিছিলে নিকি মানে মাতি আনিলে যে?? : খুউব ধুনীয়া। বৰ চাফ-চিকুনকৈ ৰাখিছে আপোনালোকে চিকিৎসালয়ৰ চৌপাশ। জীৱনৰ দুখে কোঙা কৰা ৰোগীসমূহে নিশ্চয় ইয়াত থাকি অসুবিধা নেপাব। ভাল লাগিছে আপোনালোকৰ যত্ন তথা ৰোগীসমূহৰ প্ৰতি সদ্ভাৱ দেখি। পিছে আপোনাক এটা কথা সুধিব কাৰণেহে মাতিছিলো। : নি:সংকোচে সুধক ছাৰ। : মানে। ১২ নং কোঠাৰ ধুনীয়া ছোৱালীজনী যে!...