এটা__সৰু__প্ৰেম__কাহিনী

মানসিক চিকিৎসালয় খনত নতুনকৈ জইন কৰা ডাক্তৰ মৃন্ময় দুৱৰাই চিকিৎসালয়খন এবাৰ চকু ফুৰাও বুলি ঘুৰি ১২নং কোঠাৰ এচুকত চুপ-চাপ বহি থকা ছোৱালীজনীক দেখি চক্ খাই উঠিল। লাৱনী শৰীৰ, অযত্নই দুচকুৰ তল ক'লা কৰিলেও সৌন্দর্য ম্লান কৰিব কৰিব নোৱাৰা হৰিণী চকুহাল, কোনোবা নাৰ্চে তেল সানি দিয়া ককাললৈ পৰা চুলিটাৰিৰ অধিকাৰিণীজনীক দেখা লগে লগে মৃন্ময়ৰ ভৰি আগনবঢ়া হ'ল। নেজানে তেওঁ কিমান সময় তাইক চাই আছিল। তেওঁৰ লগত যোৱা অৰ্থাৎ তেওঁক চাৰিওকাষ চিনাকী কৰাই দিবলৈ লগত যোৱা অভিজ্ঞ নাৰ্চ গৰাকীৰ মাততহে তেওঁ সম্বিৎ ঘুৰাই পালে। ছোৱালীজনীৰ বিষয়ে নাৰ্চ গৰাকীকে সুধাটো উচিৎ হ'ব বুলি ভাবি মৃন্ময়ে তেখেতক নিজৰ কেবিনলৈ মাতিলে।
: ছাৰ কওঁকচোন। আপোনাৰ পৰিৱেশটো কেনেকুৱা
লাগিল? আৰু কিবা লাগিছিলে নিকি মানে মাতি আনিলে যে??
: খুউব ধুনীয়া। বৰ চাফ-চিকুনকৈ ৰাখিছে আপোনালোকে চিকিৎসালয়ৰ চৌপাশ। জীৱনৰ দুখে কোঙা কৰা ৰোগীসমূহে নিশ্চয় ইয়াত থাকি অসুবিধা নেপাব। ভাল লাগিছে আপোনালোকৰ যত্ন তথা ৰোগীসমূহৰ প্ৰতি সদ্ভাৱ দেখি। পিছে আপোনাক এটা কথা সুধিব কাৰণেহে মাতিছিলো।
: নি:সংকোচে সুধক ছাৰ।
: মানে। ১২ নং কোঠাৰ ধুনীয়া ছোৱালীজনী যে! তাইৰ কথা জানিব খুজিছিলো। দেখাতটো তাইক কোনো মানসিক ৰোগী যেন অনুভৱ নহয়। তাইৰ লগত এনেকুৱা কি হ'ল যে ভৰ যৌৱনা বয়সত তাই মানসিক চিকিৎসালয়ত জীৱন কটাব লগা হৈছে?
: অ' ছাৰ তাই? তাইৰ নাম নিধি। নিধি কটকী। বৰ দুখ লগা জীৱন তাইৰ। বেছেৰীজনীৰ লগত বৰ বেয়া হ'ল ছাৰ। ( মাতটো ঠুকা-ঠুকি হ'ল তেওঁৰ)
: এইয়া লওঁক পানী। বেয়া নেপায় যদি ক'ব নিকি? কি হৈছিল তাইৰ লগত?
: বেয়া কিয় পাম ছাৰ? এইয়া আপোনাৰ অধিকাৰ।
প্ৰতিগৰাকী ৰোগীৰ অতীত জানিলেহে আপুনি তেওঁলোকক ভালদৰে চিকিৎসা কৰিব পাৰিব।
: কওঁক
: দুটা ল'ৰাৰ পিছত জন্ম হৈছিল নিধিৰ। এজনীয়েই ছোৱালী আছিল ঘৰখনৰ গতিকে সকলোৱে অত্যন্ত মৰম কৰিছিল। ককায়েক দুজনে তাইৰ ভুলবোৰ নিজৰ গাত পাতি লৈছিল মুঠতে ঘৰখনৰ সকলো চিন্তা তাইকলৈয়ে সমাপ্ত হৈছিল। বহুত সুখৰ ঘৰ আছিল সেইখন। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে পাছ কৰি স্হানীয় ক'লেজখনত নামভৰ্তি কৰিছিল নিধিয়ে। নিধিৰ পঢ়াৰ প্ৰতি যেন তাইতকৈ বেছি ককায়েক দুজনৰ হে গুৰুত্ব আছিল। স্কুটি থকা নিধিজনীয়ে বেছিভাগ খোজকাঢ়ি অহা-যোৱা কৰিছিল। ককায়েক হ'তে বাৰে বাৰে স্কুটি নিব ক'লেও তাই খোজকাঢ়ি যাই ভাল পাইছিল। এদিন তাইৰ জীৱনত কালিকা নামি আহিল ছাৰ। বতাহ বৰষুণক নেওঁচি ঘৰৰ সকলোৱে বাৰে বাৰে বাধা দিয়া পিছতো ক্লাছ খতি হ'ব বুলি ক'লেজ যাব ওলাইছিল তাই। সিহঁতৰ ৰাস্তাটো পাৰ হৈ অলপমান নিৰ্জন ঠাই আছিল য'ত মানুহৰ সমাগম বহুত কম হয়। ক'লেজৰ পৰা ঘুৰি আহোতে দুটামান পাষণ্ডই তাইক সেই নিৰ্গম ঠাইখিনিত......... বহু পৰ নিধি ঘৰলৈ ঘুৰি নহাত ককায়েক দুজনৰ লগত দেউতাকে তাইক বিচাৰি যাই যি অৱস্থাত পাইছিল সেয়া আমাৰ কল্পনাৰো অতীত। মানুহকটো জানেই। দোষ ছোৱালীৰে সদায়। এটা কথা কিন্তু সলাগ ল'বলগীয়া ঘৰৰ মানুহে তাইক মৰমেৰে সামৰি লৈছিল আৰু গাওঁৰ মানুহে ঘৰখনক কৰিছিল এঘৰীয়া। নিধিয়ে এইবোৰ সহ্য কৰিব নোৱাৰিলে। দিনক দিনে তাইৰ মানসিক অৱস্থা ইমানেই বেয়াৰ ফালে ঢাল খালে যে আজি তাইৰ এই অৱস্থা...
: মোৰ বিশ্বাস আছে তাই ঠিক হ'ব।
: হয় ছাৰ। কোনোবাৰ নি:স্বাৰ্থ মৰমেহে তাইক ভাল কৰিব পাৰিব। মৰমেৰে সামৰি ল'ব লাগিব তাইক। বিশ্বাস কৰাব লাগিব তাইক যে সমগ্র পুৰুষ জাতি একে নহয়।
: এই দায়িত্ব মই ল'ব খুজো।
: কোনোবা ল'ৰা অথবা মতা মানুহ তাইৰ ওচৰত গ'লেই তাই কঁপি উঠে। চিঞঁৰি দিয়ে। গতিকে অলপ কঠিন হ'ব।
:Tmy best

পিছদিনা এগিলাছ গাখীৰ লৈ মৃন্ময়ে নিধিৰ ওচৰত যাই বহে। তেওঁক দেখা লগে লগে তাই আতংকত আটাহ পাৰি দিয়ে। সকলোৱে ধৰি মেলি তাইক শান্ত কৰাই। মৃন্ময়ে পণ লৈ যেনেকৈ নহ'লেও তাইৰ মনৰ পৰা ভয়টো তেওঁ দূৰ কৰিবই। সদায় তেওঁ তাইৰ কাষত গাখীৰ গিলাছ থৈ দূৰৰ পৰা নিধিক লক্ষ্য কৰি থাকে। মাজে মাজে আঁতৰত তাই দেখাকৈ মৃন্ময়ে গান গায়। তাইয়ো যেন অনুভৱ কৰিলে মৃন্ময়ৰ পৰা তাইৰ ভয় নাই। এতিয়া মৃন্ময় তাইৰ কাষত গ'লে তাই আটাহ নাপাৰে। তেওঁ দিয়া গাখীৰ গিলাছ সুন্দৰকৈ পি দিয়ে তাই। গানবোৰটো অলপ মিঁচিকিয়াই দিয়ে।
হঠাৎ এদিন চিকিৎসালয়ৰ সকলোকে একগোট কৰি সকলোকে আচৰিত কৰি খবৰ এটা শুনালে মৃন্ময় দুৱৰাই। নিধিক তেওঁ তেওঁৰ ঘৰলৈ লৈ যাব। এনে নিব নোৱাৰিলে সামাজিক ভাৱে বিয়া কৰাই
 হ'লেও নিব। মুঠতে তেওঁ তাইক সম্পূর্ণ সুস্থ কৰি তুলিব। সকলো কাগজপত্রৰ হিচাপ কৰি এদিন মৃন্ময়ে নিধিক তেওঁৰ ঘৰলৈ শিৰত সেন্দুৰ দি লৈ গ'ল। মৃন্ময়ৰ ওচৰত নিজক সংকট মুক্ত অনুভৱ কৰা নিধিয়ে বিনা প্ৰতিবাদে তেওঁৰ লগত গ'ল।
ৰাণীৰ দৰে ৰাখে মৃন্ময়ে নিধিক। তাইৰ সৰু সৰু পাগলামীবোৰ নিজৰ বুলি সামৰি থয়। মৃন্ময়ৰ যত্নত তাই যেন ঠন ধৰি উঠিছে। মৃন্ময়ে অনুভৱ কৰিছে নিধি যেন বহুখিনি সুস্থ হৈ উঠিছে।
: ১+১= কি?
: ২
: মই হ'ম ৰজা তুমি হ'বা?
: ৰাণী
এইবুলি তীব্র জোৰত হাহিঁ দিয়ে তাই। মন ভৰি আহে মৃন্ময়ৰ।
হঠাৎ এদিন মৃন্ময় ডিউটিত যোৱা পিছত বন কৰা ছোৱালীজনীৰ লগত নিধিয়ে টিভি চাই আছিল। ছোৱালীজনীয়ে নিউজ চেনেলটো লগায় দিলত সিহঁত দুয়োজনীৰে চকু ডাঙৰ হৈ গ'ল। নিধিৰ চকুইদি ধাৰাসাৰ চকুলো ব'বলৈ ধৰিলে৷ বাতৰিৰ শিৰোনামা আছিল- চহৰৰ নামী মানসিক চিকিৎসক মৃন্ময় দুৱৰাই এগৰাকী ছোৱালীক অসৎ প্ৰস্তাৱ দিয়োতে ছোৱালীজনীয়ে সাহস কৰি লম্পটটোক পুলিচক গটাই দিয়ে। ছোৱালীজনীক উচিৎ ন্যায় দিব লাগে। মৃন্ময় দুৱৰা মুৰ্দাবাদ। ।
চাৰিওফালে মানুহৰ জুম। মিডিয়াই ছোৱালীজনীক আৰু মৃন্ময়ক আগুৰি ধৰিছে। হঠাৎ মানুহৰ জুম ফালি ছোৱালীজনীৰ গালত এটা পূর্ণহতীয়া চৰ পৰিল। কোনেও একো তলকিবই নোৱাৰোতেই মাইকটো নিজে লৈ ক'বলৈ ধৰিলে
: মোৰ নাম নিধি। ঘৃনণীয় অতীতে নিজক পাহৰাই পেলোৱা সময়ত মোক এই মানুহজন অৰ্থাৎ মৃন্ময় দুৱৰাই নিজৰ মৰমেৰে সামৰি এজনী পাগলীৰ পৰা মোক আজি সুস্থ কৰি তুলিছে। সকলো পুৰুষ একে নহয় বুলি ভাবিবলে বাধ্য কৰাইছে এই মানুহজনে।
পাগলী হ'লেও মোৰ আবেগ আছিল। সকলো বুজিছিলো মই। আজি কিছুদিনৰ পৰা মই সম্পূর্ণ সুস্থ হৈছিলো যদিও অতীতে যেন মোক স্বাভাৱিক অৱস্থালৈ আহিবলৈ বাধা দিছিল। যিজন মানুহে মোক পুনৰ জীৱন দিলে গতিকে কওঁক কেনেকৈ মই এওঁক বিশ্বাস নকৰো? এইবুলি নিধিয়ে পুলিচে হেণ্ডকাফ লগাই থোৱা মৃন্ময়ক সাৱটি ধৰিলে। ছোৱালীজনীয়ে মানুহবোৰে তাইক খেদি যোৱা দেখি ভয়তে সকলো স্বীকাৰ কৰিলে যে আইনৰ ভুল ব্যৱহাৰ কৰি পইচা সৰকাব তাই মৃন্ময়ৰ ওপৰত মিছা অপবাদ জাপি দিছিল কাৰণ সকলোৱে ছোৱালীজনীকেই বিশ্বাস কৰে সদায়। মৃন্ময়ৰ দুচকুইদি চকুলো ওলাব ধৰিলে। মানুহৰ ঠেলাত পৰি কপালেৰে ওলোৱা তেজেদি শিৰত দীঘলীয়া আলিবাট আকিঁ দিলে মৃন্ময়ে নিধিৰ। কাৰণ আজিৰ পৰা মৃন্ময়ৰ লগতে নিধিও সম্পূর্ণ সুস্হ অৱস্থাত তথা মৰমেৰে পত্নী হিচাপে তেওঁৰ ঘৰলৈ যাব। স্হান, কাল, পাত্র নেচাই মৃন্ময়েও নিধিক জোৰে বুকুৰ মাজত সামৰি ল'লে জনম জনম এক হোৱাৰ প্ৰতিশ্ৰুতিৰে। ❤
সমাপ্ত
                                 

Comments

Popular posts from this blog

সঁচা প্ৰেম কাহিনী

সচা ভালপোৱা- প্ৰেমিক-প্ৰেমিকাৰ ৰোমান্টিক বাৰ্তালাপ

মোৰ জীৱনৰ সচা ভালপোৱা