স্বপ্ন সমাধি
বিপ..... বিপ..... বিপ.....
মোবাইলতো খুলি চালে অংকিতাই। স্ক্ৰীনত ভাঁহি আছে এটা এচ. এম. এচ.।
"" তিনি বজাত বৰুৱা কাফে পোৱাকৈ ওলায় আহিবা।"
তিনি বাজিবলৈ আৰু আধা ঘণ্টা বাকী। অংকিতাই হেন বেগটো আকৌ এবাৰ খুলি চালে। প্ৰয়োজনীয় সৰু বস্তু কেইটা ভৰোৱা হৈ গল। এতিয়া মাকক ফাঁকি দি ঘৰৰ পৰা ওলাই যোৱাৰ পাল।
ঃ মা.. মা... (অংকিতাই চিঞৰে) মই ফ্ৰেণ্ড এজনৰ বাৰ্থডে পাৰ্টি এটা খাবলৈ যাওঁ। টিনাৰ লগত... আহোঁতে অলপ সন্ধিয়া হব পাৰে।
ঃ আৰু কত কি নাখাও তই। মাহেকত তোৰ কিমান যে পাৰ্টি নোলায়। বৰকৈ লৰাৰ লগত পাৰ্টি পাৰ্টি কৰি হলিগলি কৰি নুফুৰিবি। --- মাকে সকিয়াই।
ঃ মা.. সিহঁতবোৰ মোৰ কেৱল ফ্ৰেণ্ড হে।
ঃ আজিকালি ছোৱালীবোৰে ফ্ৰেণ্ড ফ্ৰেণ্ড কৈ লৰাৰ লগত ঘূৰি ফুৰোতে; দুদিন পাছত প্ৰেগনেণ্ট হোৱাৰ খবৰ শুনো।
ঃ মা... (অংকিতাই কান্দু যেন কৰি আৱেগৰে চিঞৰে।)
ঃ হব যা... বেছি দেৰি নকৰিবি। দেউতা অফিচৰ পৰা আহিলে আনিবলৈ পঠাম বাৰু। তই টিনাৰ ঘৰতে থাকিবি।
ঃ অকে... থেংকীউ ডিয়েৰ। ---- অংকিতাই মাকৰ গালত চুমা এটা দি ওলায় যায়।
***********
বিপ..... বিপ..... বিপ.....
পুনঃ মোবাইলতো খুলি চালে অংকিতাই। স্ক্ৰীনত ভাঁহি আছে তাৰ দ্বিতীয়টো এচ. এম. এচ.।
"" অংকিতা মোৰ অলপ পলম হব। মাক আইতাৰ ঘৰত থৈ আহিব লগা হল। পোন্ধৰ মিনিটৰ ৰাস্তা। তুমি আধা ঘণ্টা ৰোৱা; মই মাক থৈ পামহিয়ে। প্লীজ বেয়া নাপাবা।"
"" অকে বাবা... আধা ঘণ্টাহে। তুমি কলে গোটেই জীৱনটোৱে ৰব পাৰিম দিয়া।"---- অংকিতাই মেছেজৰ ৰিপ্লে কৰে।
অংকিত আৰু অংকিতাৰ এটা দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক চলি আছে। এটা সম্পৰ্কত থাকিব লগা সকলোবোৰে আছে সিহঁতৰ সম্পৰ্কটোত। ভালপোৱা, মৰম, বিশ্বাস, বুজাবুজি সকলোবোৰ। আজি দুয়ো ওলাই যাব ব্ৰহ্মপুত্ৰৰ পাৰলৈ। সন্ধিয়াৰ বেলি ডুবা চাবলৈ। আৰু পাতিব কিছু মনৰ কথা। অংকিতৰ মুখেৰে শুনিব হীৰুদাৰ প্ৰেমৰ কবিতা।
*************
"হেই অংকিতা।"---- এটা পুৰুষৰ মাতত অংকিতাই মবাইল স্ক্ৰীনৰ পৰা চকু আঁতৰাই ঘূৰি চায়।
ঃ গৌৰৱ তুমি... কত যোৱা..?
ঃ নাই.. এনেয়ে ওলায় আহিলোঁ। বহুদিনৰ মূৰত লগ পালো। বলানা... কাফেত বহু গৈ। প্লীজ না নকবা। অলপ দেৰি। ---- গৌৰৱে অনুগ্ৰহ কৰি কয়।
ঃ অকে.... কিন্তু বেছি দেৰি নকৰোঁ। ---- দুয়ো গৈ কৰ্ণাৰ টেবুল এখনত বহে। গৌৰৱে মেনুখন লৈ বয়জনক মাতি কিবা অৰ্ডাৰ কৰিলে।
ঃ গৌৰৱ... তুমি নিউ গাৰ্লফেণ্ড বনালানে..? ---- অংকিতাই কলে।
ঃ তোমাৰ বাহিৰে মই আজিলৈকে কাৰো কথা ভবাই নাই অংকিতা। তুমি জানাইচোন মই তোমাক কিমান ভালপাওঁ !!
ঃ গৌৰৱ তোমাক দেখোন মই আগতে কৈছোঁ। তোমাৰ প্ৰপজেল একচেপ্ত কৰিব নোৱাৰিম। মই এতিয়াও কাৰোবাৰ বাকদত্তা।
ঃ (গৌৰৱ নিঃশব্দ হৈ ৰয়।)
ঃ চোৱা গৌৰৱ... মই তোমাৰ ভালপোৱাক সন্মান কৰোঁ। কিন্তু ভালপোৱা মানেই বিবাহ নহয়। তোমাৰ বাহিৰেও আন বহু লৰাই মোক ভালপাওঁ বুলি কৈছে। কি সিহঁত সকলোবোৰে প্ৰপজেল একচেপ্ত কৰাটো জানো সম্ভৱ। মই মাত্ৰ এজনীহে অংকিতা, মই সকলোৰে হব নোৱাৰো। তুমি নিজে কথাবোৰ এবাৰ ভাৱা। প্ৰেক্টিকেল হোৱা। মই অংকিতক ভালপাওঁ আৰু সি মোক। তাৰ বাহিৰে মই আন কাৰো কথাই ভাৱিব নোৱাৰো। ছ'ৰি গৌৰৱ। ---- কথাখিনি কৈয়ে অংকিতা কাফেখনৰ পৰা ওলায় যায়।
গৌৰৱে মাথোঁ তাই যোৱাৰ ফালে মৌন হৈ চায় ৰয়।
_____________________________________

Comments
Post a Comment